বৰাক উপত্যকাৰ ৫ জন ছাত্ৰৰ স্থান লাভ:

বৰাক উপত্যকাৰ ৫ জন ছাত্ৰৰ স্থান লাভ:
Published on

বৃহস্পতিবাৰে ৰাতিপুৱা ৯.৩০ বজাত ঘোষিত ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফলত বৰাক উপত্যকাৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ পৃথ্বিৰাজ দে এ বিজ্ঞান শাখাত ৪ৰ্থ স্থান লাভ কৰাৰ উপৰিও একেখন কলেজৰ চয়ন পল আৰু কুন্তলা গুপ্তাই বাণিজ্য শাখাত ক্ৰমে ৬ষ্ঠ আৰু ৭ম স্থান লাভ কৰে। হাইলাকান্দি জুনিয়ৰ কলেজৰ য়শ সাৰ্দাই বাণিজ্য শাখাত ৮ম স্থান লাভ কৰিছে আৰু এছ ভি বিদ্যানিকেতন এইচ এছ স্কুল, কৰিমগঞ্জৰ ম: চাকিল আখটাৰে বিজ্ঞান শাখাত ৮ম স্থান লাভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com