মুখ্যমন্ত্ৰী সোণোৱালে পৰ্যবেক্ষণ কৰে গহপুৰ,বুৰৈঘাটৰ গৰাখহনীয়াৰ ক্ষতি সাধন

মুখ্যমন্ত্ৰী সোণোৱালে পৰ্যবেক্ষণ কৰে গহপুৰ,বুৰৈঘাটৰ গৰাখহনীয়াৰ ক্ষতি সাধন
Published on

যোৱা বুধবাৰে পাছবেলা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰাখহনীয়াই ক্ষতি সাধন কৰা গহপুৰৰ মহকুমা বিশ্বনাথ জিলা পৰ্যবেক্ষণ কৰে।ইয়াৰ লগতে গহপুৰৰ বুৰৈ নদীৰ অন্তৰ্গত হেলেম ৰাজহ চক্ৰ আৰু সাতৰঙ্গ অঞ্চলো পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।এই গৰাখহনীয়াত যিসকল লোকে নিজৰ মাটি হেৰুৱাব লগা হৈছে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে সহায় কৰিব বুলি মত প্ৰকাশ কৰাৰ লগতে চৰকাৰী বিভাগৰ লগত এই বিষয়ে অতি সোনকালে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহন কৰা হব বুলিও তেওঁ মত প্ৰকাশ কৰে।মুখ্যমন্ত্ৰী সোণোৱালে বুৰৈ ঘাট এল পি স্কুলৰ বৰ্নাত্য শিৱিৰৰ সৈতে কথা পাতে আৰু জনসম্পৰ্ক অভিযানৰ দিনেশ্বৰ নাথ নামৰ মডেল ফাৰ্মাৰ এজনৰ সৈতে লগ হয়।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সোণোৱালে বানপানীত ডুবা দিপাংকৰ বৰাৰ পিতৃক ভদ্ৰ বৰাক ৪লাখ টকাৰ চেক' প্ৰদান কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com