মেধাৱী ছাত্ৰীক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ

মেধাৱী ছাত্ৰীক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ
Published on: 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ ডিব্ৰুগড়স্থিত বাসগৃহত শুকুৰবাৰে বাংলাদেশৰ চিত্তাগংত থকা এচিয়া মহিলা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহন কৰিবলৈ সুযোগ লাভ কৰা ডিকম চাহ বাগিচাৰ সোনালী কাৰ্কেট্টা আৰু বন্দনা পাটৰ আৰু হকনগুৰী চাহবাগিচাৰ পল্লবী দাস পানীকাক সম্বৰ্ধনা জনায়।মুখ্যমন্ত্ৰীজনে ছাত্ৰী কেইগৰাকীক সুভকামনা জনাই কয় যে তেওঁলোকৰ সফলতাই ৰাজ্যৰ বাকী ছাত্ৰী সকলকো অনুপ্ৰেৰনা যোগাব।লগতে অধিক কষ্টৰ জড়িয়তে ভাল ফলাফলৰ আশা কৰাৰ লগতে সকলোধৰনৰ সুবিধা চৰকাৰৰ পৰা দিয়া হব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।এচিয়ান ইউনিভাচিটি ফৰ ৱ'মেন এখন আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়।ইয়াত মেধাৰ ভিত্তীত শিক্ষা গ্ৰহন কৰিবলৈ সুযোগ পায়।সকলো ছাত্ৰীয়ে সম্পূৰ্ণ জলপানিৰ জড়িয়তে পঢ়িবলৈ সুযোগ লাভ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com