BreakingNews
লক্ষিমপুৰ বাইপাছ এতিয়াও সপোন হৈয়েই ৰল
উত্তৰ লক্ষিমপুৰ নগৰৰ ট্ৰেফিক জামৰ বাবে ৰাইজে প্ৰতেকদিনাই জিয়াতু ভুগিবলগীয়া হৈ আহিছে।ট্ৰেফিক জাম নিৰ্মুলৰ বাবে চৰকাৰে ঘোষণা কৰা লক্ষিমপুৰ বাইপাচৰ নিৰ্মানৰ কাম বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰসমূহৰ দায়িত্বজ্ঞানহীনতাৰ বাবে ৬ বছৰতো সম্পুৰ্ণ হৈ নুঠাত ৰাইজে অতি কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছে।৯০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া বাইপাছটো ৬ বছৰতো সম্পুৰ্ণ কৰিব নোৱাৰিলে নিৰ্মান প্ৰতিস্থানটোৱে।

