লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চট্টোপাধ্যায়ৰ দেহাৱসান

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চট্টোপাধ্যায়ৰ দেহাৱসান

Published on

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰতীয় বাওঁপন্থী দলৰ মাক্সবাদী নেতা সোমনাথ চট্টোপাধ্যায়ৰ কলিকতাত ৮৯ বছৰ বয়সত দেহাৱসান ঘটিছে।প্ৰসিদ্ধ ৰাজনীতিবিদ জন কিডনিৰ জতিল ৰোগত আক্ৰান্ত হৈ আছিল,সোমবাৰে পুৱা কলকাতাৰ এখন বেচৰকাৰী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।১২ জনীয়া এটা বিশেষজ্ঞ চিকিৎসকৰ দলে আপ্ৰান চেষ্ঠা কৰে যদিও নিয়তিৰ ওচৰত হাৰ মানে।তেওঁ মনমোহন সিং নেতৃত্বধীন কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছিল।তেওঁ ১০ বাৰ লোকসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে মাত্ৰ এবাৰ পৰাজয় বৰন কৰিছিল পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে।মৃত্যুৰ সময়ত পত্নিৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে অসংখ্য গুনমুগ্ধক এৰি থৈ গৈছে।এই প্ৰসিদ্ধ ৰাজনীতিবিদজনৰ মৃত্যুত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰে।

Sentinel Assam
www.sentinelassam.com