লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনাই বিৰোধী সমৰ্থিত 'অনাস্থা প্ৰস্তাৱ'

লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনাই বিৰোধী সমৰ্থিত 'অনাস্থা প্ৰস্তাৱ'
Published on: 

লোকসভা অধক্ষ্যা সুমিতা মহাজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱক সন্মতি জনোৱা কাৰ্য্যত বহুতে আশ্বৰ্য্য প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি অমিত শ্বাহে এই অনাস্থা প্ৰস্তাৱ আদৰি লৈছে। প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে অনাস্থা প্ৰস্তাৱটো আদৰি লোৱাৰ পিছত আৰু সদনৰ কাম কাজত বাধাৰ সৃষ্টি কৰিবলৈ বিৰোধীৰ হাতত একো অজুহাত নাথাকিব। চৰকাৰে অনাস্থাৰ বিষয়টো বৰ্ষাকালীন অধিবেশনৰ বাকী থকা দিনকেইটাৰ ভিতৰতে শেষ কৰাৰ পোষকতা কৰে নহ'লে এই বিষয়টোৱে বহুতো গুৰুত্বপূৰ্ণ বিল অনুমোদিত হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। ২০০৩ চনৰ পৰা এইটো সদনৰ প্ৰথম অনাস্থা প্ৰস্তাৱ।

The Sentinel - of this Land, for its People
www.sentinelassam.com