সংখ্যালঘু অঞ্চলত এনআৰচিৰ নজৰ: স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ

সংখ্যালঘু অঞ্চলত এনআৰচিৰ নজৰ:  স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ
Published on

এনআৰচি ৰ প্ৰথম খচৰাৰ প্ৰকাশৰ সময়ৰ নিচিনাকৈ এইবাৰো অসমৰ সুৰক্ষা বিষয়াসকল স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ বনোৱা কামত ব্যস্ত হৈ পৰিছে। এই স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ বনোৱা কামতো ৩১ ডিচেম্বৰ ২০১৭ ৰ এনআৰচিৰ প্ৰথম খচৰা প্ৰকাশৰ আগে আগে আৰম্ভ হৈছিল। যদিও বানপানীৰ কাৰণে ৩০ জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বিষয়টো অনিশ্চিত হৈ আছে যদিও সুৰক্ষা গোট সমূহে সময়ৰ বিপৰীতে গৈ হ'লেও স্পৰ্শকাতৰ অঞ্চলৰ মানচিত্ৰ বনোৱা কামত কৰি গৈছে। তেওঁলোকৰ হাতত ১৭ টা ৰাজহ চক্ৰৰ প্ৰত্যেকৰে ৩৩ শতাংশতকৈও কম আবেদনকাৰীয়ে প্ৰথম খচৰাত স্থান পাবলৈ সক্ষম হোৱা তথ্য আছে। বৰ্তমান সময়ত চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ প্ৰায় ৮৫ টা গোট ৰাজ্যখনত নিয়োগ কৰা হৈছে। সংখ্যালঘু অধ্যুসিত অঞ্চলৰ অতি কম সংখ্যক লোকে প্ৰথম এনআৰচি খচৰাত স্থান পাবলৈ সক্ষম হোৱাটোৱে সুৰক্ষা গোটৰসমূহৰ মূল চিন্তাৰ বিষয়। এই ১৭টা ৰাজহ চক্ৰ হৈছে বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ নগাওঁৰ পৰা আৰম্ভ কৰি নামনি অসমলৈ এক বৃহৎ অংশ।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com