BreakingNews
সদৌ অসম ছাত্ৰ সন্থাই চিঠি লিখিলে মুখ্যমন্ত্ৰী লৈ
যোৱা বুধবাৰে সদৌ অসম ছাত্ৰ সন্থা(আছু)ৱে আন্না ৱালা ৰয়ৰ ঘটনাটোৰ উচিত বিচাৰৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ লিখিলে চিঠি।আন্না ৱালা ৰয়(৪০)নামৰ মহিলা গৰাকীক বিদেশী বুলি সন্দেহ কৰি চিৰাং জিলাৰ পূৱ অংকৰবাৰী পৰা গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰৰ ২৩জুন তাৰিখে ডিটেনচন কেম্পলৈ পঠিয়াই।আান্না ৱালাৰ এই ঘটনাটোই সমগ্ৰ অসমক জোকাৰি গৈছে বুলি আছুৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰন সম্পাদক লুৰিনজ্যোতি গগৈয়ে চিঠি খনত উল্লেখ কৰে।সেয়ে এই ঘটনাৰ উচিত তদন্ত হব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰে।