সোনৰ পদক জয় দীপা কৰ্মকাৰৰ

সোনৰ পদক জয় দীপা কৰ্মকাৰৰ
Published on: 

তাৰ্কীৰ মাৰ্চিন চহৰত চলি থকা আৰ্টিচটিক জিমনাষ্টিক বিশ্ব চেলেঞ্জ কাপত ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে মহিলাৰ ভল্ট ইভেন্টত সোনৰ পদক জয় কৰিছে।ত্ৰিপুৰাৰ খেলুৱৈ গৰাকীয়ে দুবছৰৰ আঘাতৰ পৰা আৰোগ্য হৈ আহি এনে বিশ্বমানৰ প্ৰতিযোগিতাত সোনৰ পদক জয় কৰাতো প্ৰশসনীয়।২০১৬ চনৰ ৰিঅ' অলিম্পিকত চতুৰ্থ স্থান অধিকাৰ কৰি দেশবাসীৰ হৃদয় জয় কৰা দীপা কৰ্মকাৰ অলিম্পিকৰ পাছৰে পৰা আঘাতপ্ৰাপ্ত হৈ আছিল।দীপাৰ সোন জয়ে এচিয়া কাপত আৰু পদক জয়ৰ আশা সজীৱ কৰি তুলিলে।

The Sentinel - of this Land, for its People
www.sentinelassam.com