স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলিলে মৰক্কোয়ে

স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলিলে মৰক্কোয়ে
Published on

কালিনিনগ্ৰেড ষ্ট্ৰেডিয়ামত সোমবাৰে অনুস্থিত গ্ৰুপ বি'ৰ অন্য এখন খেলত ২০১০ বিশ্বকাপৰ বিজয়ী স্পেইনে মৰক্কোৰ সৈতে ২-২ গ'লত ড্ৰ খেলিবলৈ বাধ্য হয়। ১৪ মিনিটতে কে' বউটাইবে গ'ল দি মৰক্কোক অগ্ৰগতি প্ৰদান কৰে।১৯ মিনিটত স্পেইনৰ ফৰৱাৰ্ড ইস্ক'য়ে সমতা স্থাপন কৰে।দোয়োতা দলেই সুন্দৰ খেল প্ৰদৰ্শনেৰে গ'ল দিয়াৰ চেষ্টা অব্যাহত ৰাখি ৮১ মিনিটত ৱাই এড-নেচৰিৰ গ'লেৰে মৰক্কো বিজয়ৰ দিশে আগবঢ়াৰ সময়তে ইনজুৰি টাইমত আই এচপাছে দৰ্শনীয় গ'ল দি কৰি স্পেইনক পৰাজয়ৰ পৰা ৰক্ষা কৰাই নহয় গ্ৰুপৰ শীৰ্ষ স্থানো প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com