স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বাবে প্ৰশাসনৰ বৈঠক অনুষ্ঠিত

স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ বাবে প্ৰশাসনৰ বৈঠক অনুষ্ঠিত
Published on

কামৰূপ মহানগৰীৰ জিলা উপায়ূক্ত বিৰেন্দ্ৰ মিট্টালে আহিবলগীয়া স্বাধীনতা দিৱস প্ৰস্তুতিৰ বাবে যোৱাকালি আৱৰ্ত ভৱনত অনুষ্ঠিত হৈ যায়।আহিবলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠান এইবাৰ খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত হব।সভাখনত বিৰেন্দ্ৰ মিট্টালে গড়কাপ্তানী বিভাগক অতি শীঘ্ৰে কাম-কাজ সমূহ সম্পূৰ্ন কৰাৰ নিৰ্দেশ প্ৰদান কৰে।ইয়াৰ লগতে গড়কাপ্তানীৰ বিজুলী বিভাগক বিজুলীৰ ব্যৱস্থা আৰু এপিডিচিএল নিৰৱচ্ছিন বিজুলীৰ ব্যৱস্থা কৰা,গড়কাপ্তানী পথ বিভাগক নলা-নৰ্দমাৰ মেৰামতিৰ কাম,বাট-পথৰ কাম কৰা,জিএমচিক শৌচাগাৰৰ ব্যৱস্থা কৰা,জনসাধাৰনৰ বাবে এএচটিচি বাছ সেৱাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।ইয়াৰ উপৰিও জিএমডিক মহানগৰী খনত থকা ভিন্ন প্ৰতিমূৰ্ত্তি সমূহৰ লগতে শ্ৰদ্ধাঞ্জলিকাননত ভিন্ন লাইট তথা আলোকসজ্জ্বাৰে সজাই তুলি চিচি কেমেৰাৰ ব্যৱস্থা পৰ্য্যন্ত কৰিবলৈ জিলা উপায়ূক্তই নিৰ্দেশ প্ৰদান কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com