BreakingNews
হজ যাত্ৰীক শুভকামনা ৰাজ্য চৰকাৰৰ
বৰাক উপত্যকাৰ ১১০০ জন হজ যাত্ৰীক শিলচৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শুভকামনা জনাই সংখ্যালঘু কল্যান মন্ত্ৰী ৰঞ্জিত দত্তই।১৪ জুলাইত মক্কা অভিমুখে ৰাওনা হোৱাৰ আগত তেওঁলোকক শুভকামনা জনাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত মুছাফিৰখানা অনুস্থানৰ আয়োজন কৰিছে।মন্ত্ৰী দত্তই কয় যে সোনোৱাল চৰকাৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে এনে অনুস্থানৰ আয়োজন কৰিছে।সকলো যাত্ৰীক গান্ধী ভৱনত অসমৰ গৌৰব সম্পদ গামোচাৰে সম্বৰ্ধনা জনাব।হজ যাত্ৰী সকলক কলিকতালৈকে আগবঢ়াই দিব সোনাইৰ বিধায়ক আমিনুল হক লস্কৰ আৰু হাইলাকান্দিৰ বিধায়ক আনৱাৰ হোচেইন লস্কৰে।মন্ত্ৰী ৰঞ্জিত দত্তই কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছে সংখ্যালঘু লোক সকলৰ বাবে কোনোধৰনৰ কাম নকৰাৰ বিপৰীতে কেন্দ্ৰ চৰকাৰৰ পৰা অহা সমুদায় ধন হৰলুকি কৰা বুলি অভিযোগ কৰে।