হাতে-হাত ধৰি কাম কৰিব লাগিব খেতিয়ক আৰু বিজ্ঞানীয়ে : অতুল বৰা

হাতে-হাত ধৰি কাম কৰিব লাগিব খেতিয়ক আৰু বিজ্ঞানীয়ে : অতুল বৰা
Published on: 

অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ কৃষি বিভাগে যুতীয়াভাৱে দুদিনীয়া কাৰ্য্যসুচীৰে বিশ্ববিদ্যালয়ৰ এম চি দাস স্মাৰক প্ৰেক্ষাগৃহত আয়োজন কৰা ব্ৰেইনষ্ট্ৰৰ্মিং প্ৰগেমত বৃহস্পতিবাৰে কৃষি মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে আমি বিজ্ঞানী আৰু খেতিয়ক সকলে হাতে হাত ধৰি সজাগতা সভাত কাম কৰাতো বিচাৰো।কৃষি বিভাগৰ স্নাতক আৰু স্নাতকোত্তৰ সকলে কৃষিৰ উন্নয়নৰ বাবে কাম কৰাতো বিচাৰো।কাৰ্য্যসুচীত চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ভি এচ ভাস্কৰ,এম এচ মানিভান্নন কৃষি বিভাগৰ অধক্ষ্যৰ লগতে বিশ্ববিদ্যালয় খনৰ উপাধক্ষ্য ড° কমলমল্ল বুজৰবৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com