২০১৭ ৰ বানপানীৰ পুনৰাবৃত্তি, মানুহৰ পানীত হাঁহ নচৰা অৱস্থা

২০১৭ ৰ বানপানীৰ পুনৰাবৃত্তি, মানুহৰ পানীত হাঁহ নচৰা অৱস্থা
Published on: 

অসমৰ বানপানীৰ কবলত পৰা ৰাইজ এতিয়া বিপাঙত পৰিছে। কেন্দ্ৰীয় চৰকাৰে এই পৰ্যন্ত ২০১৭ ৰ বানপানীৰ ফলত ধ্বংস হোৱা আন্ত:গাঠনি পুনৰ নিৰ্মাণৰ বাবে কোনোধৰণৰ বিশেষ সাহাৰ্য্য পুঁজি মুকলি কৰা নাই আৰু বানপানীত ক্ষতিগ্ৰস্থ হোৱা খেতিয়ক সকলেও কোনোধৰণৰ ক্ষতিপূৰণ লাভ কৰা নাই। ২০১৭ৰ বানপানীৰ সময়ত, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যত বাট পথ, মথাউৰি, দলং, ঘৰ আৰু আন আন আন্ত:গাঠনিমূলক ক্ষয় ক্ষতিৰ হিচাপ ল'বলৈ দুবাৰকৈ মানুহ পঠাইছিল। এই কেন্দ্ৰীয় দল দুটাই ৰাজ্যত হোৱা ক্ষতিৰ পৰিমাণ প্ৰায় ৪,৮০০ কৌটি টকা হ'ব বুলি জনাইছিল যদিও এতিয়া চৰকাৰে কোনো নিৰ্দেশাৱলী নাই বুলি সেই পুঁজি মুকলি কৰি দিবলৈ নাকচ কৰিছে। কেন্দ্ৰই ৪৮০ কৌটিৰ সাহাৰ্য দিবলৈ সন্মতি দিয়ে কিন্তু সেই পুঁজিও এতিয়ালৈ মুকলি কৰি দিয়া নাই। ইফালে ৰাজ্যই এই বছৰৰ প্ৰথম পৰ্যায়ৰ বানপানীৰ সৈতে যুঁজি আছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com