২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগত বৃদ্ধি হব ভোট কেন্দ্ৰ

২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগত বৃদ্ধি হব ভোট কেন্দ্ৰ
Published on: 

২০১৯ চনৰ লোকসভা নিৰ্বাচন সুচাৰুৰূপে অনুস্থিত কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগে অসমত ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে ৰাজ্য নিৰ্বাচনী বিভাগক নিৰ্দেশনা জাৰি কৰিছে।প্ৰথমবাৰৰ বাবে দেশত ইভিএমৰ লগত ভটাৰ্চ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰাইল সকলোৰে বাবে আৱশ্যক কৰিছে।ৰাজ্যত বৰ্তমান ২৭,২৬৭ টা ভোট কেন্দ্ৰ আছে।এটা ভোট কেন্দ্ৰত ১২০০ জনতকৈ বেছি নহবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ।ৰাজ্যৰ নিৰ্বাচনী বিভাগৰ অতিৰিক্ত মুখ্য বিষয়া এমএল চুৰেখাই কয় যে জিলা নিৰ্বাচনী বিষয়া সকললৈ জাননী জাৰি কৰা হৈছে আৰু সকলো কাম এই মাহত নহলে আগষ্টৰ প্ৰথমভাগতে হৈ উঠিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com