৪৮ঘন্টীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা মটক ছাত্ৰ সন্মিলনৰ

৪৮ঘন্টীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা মটক ছাত্ৰ সন্মিলনৰ
Published on

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ছটা জাতিক অনুসুচিত জনজাতি প্ৰদানৰ দাবীত ১৮ আৰু ১৯ জুলাইত ৪৮ ঘন্টীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে।জনজাতিৰ দাবী কৰা ছটা জাতি হল টাই আহোম,মৰাণ,মটক,চোতিয়া,কোচ ৰাজবংশী আৰু আদিবাসী।সন্মিলনৰ সভাপতি ডেভিদ চেতিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ কথা পাহৰি গৈছে আৰু চৰকাৰে যদি প্ৰতিশ্ৰুতি পূৰণ নকৰে তেতিয়া ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হব।সভাপতি জনে লগতে কয় যে যদি চৰকাৰে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেতিয়া প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তোলা হব।আমি ৮ৰ পৰা ১৮ আগষ্টলৈ বাইক ৰেলীৰ লগতে গাওঁ সভাৰ আয়োজন কৰিম।১৫ আগষ্ট ক'লা দিৱস হিচাপে পালন কৰা লগে ২৭ অক্টোবৰত গুৱাহাটীত নাগৰিক সভা আয়োজন কৰা হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com