ৰঙিয়া ৰেলৱে ডিভিজনৰ স্বচ্ছতা অভিযান

ৰঙিয়া ৰেলৱে ডিভিজনৰ স্বচ্ছতা অভিযান
Published on: 

ৰঙিয়া ৰেলৱে ডিভিজনে ডি আৰ এম ৰবিলেশ কুমাৰৰ তত্বাৱধানত স্বচ্ছ ৰেল স্বচ্ছ ভাৰত অনুষ্ঠানৰ অধীনত ডিভিজনটোৰ সকলো ৰেলৱে ষ্টেচন, ৰেল আৰু প্লেটফৰ্মত ২৫ মে'ৰ পৰা এমাহজুৰা স্বচ্ছতা অভিযান আৰম্ভ কৰে। ৰেলৱে বৰ্ডৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশতে এইধৰণৰ কাৰ্য্যসূচী হাতত লৈছে। স্বচ্ছ ৰেল স্বচ্ছ ভাৰত পদক্ষেপৰ এটা অংশ হিচাপে ভাৰতীয় ৰেল মন্ত্ৰণালয়, ৰেলৱে বিষয়া, চাফাই মিত্ৰসকল আৰু অন্যান্য লোকসকলে যাত্ৰীৰ সুবিধাৰ বাবে আৰু যাত্ৰীসকলক সেৱা আগবঢ়োৱাৰ বাবে ৰঙিয়া ৰেলৱে ডিভিজনটো পৰিস্কাৰ কৰি ৰাখিবলৈ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com