ৰাষ্ট্ৰীয় একীকৰন যাত্ৰাৰ ফ্লেগ অফ

ৰাষ্ট্ৰীয় একীকৰন যাত্ৰাৰ ফ্লেগ অফ
Published on: 

শিশুৰ বাবে আয়োজন কৰা অসমৰ কাৰ্বিআলং জিলাৰ পৰা কলিকতালৈ "ৰাষ্ট্ৰীয় একীকৰন যাত্ৰা" শীৰ্ষক যাত্ৰাৰ মঙলবাৰে ডিফু ৰেল ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে কাৰ্বিআলং জিলাৰ উপায়ুক্ত এম কে মহন্ত আৰু কৰ্নেল জেভিএচ ৰাৱাটে।৩ জুলাইৰ পৰা ১০ জুলাইলৈ হবলগীয়া যাত্ৰাৰ আয়োজন কৰিছে ৰেড হৰ্ন ডিবিজনে।ক্লিৰদাপ ইংলিছ হাই স্কুলৰ মুঠ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে তিনিগৰাকী শিক্ষকে যাত্ৰাত ভাগ লয়।যাত্ৰাৰ উদেশ্য হল হৰিহাজন অঞ্চলৰ ভিতৰুৱা ঠাইৰ শিশুক দেশৰ প্ৰতিভাধৰ হিচাপে গঢ়ি তোলা।যাত্ৰাত শিক্ষাৰ্থী সকলক কলিকতাৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰাৰ লগতে পশ্চিম কামান্দৰ মুখ্য বিষয়াৰ লগত এখন সংবাদ মেলৰ জড়িয়তে বাৰ্তালাপ কৰাৰ সুযোগ দিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com