ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ নিৰ্দেশ সোনোৱালৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ  নিৰ্দেশ সোনোৱালৰ
Published on: 

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ মেৰামতিৰ বাবে নেচনেল হাইৱেচ এন্ড ইনফ্ৰানষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰ্পৰেচন লিমিটেডক নিৰ্দেশ দিছে।সোনোৱালে কোম্পানীটোৰ মুখ্য প্ৰৱন্ধক অজিৎপল সিং ব্ৰাৰক অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ মেৰামতিৰ বাবে নিৰ্দেশ জাৰি কৰিছে।ডিব্ৰুগড়ত কোম্পানীটোৰ বিষয়া সকলৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰৰ পৰা কাম আৰম্ভ কৰিবলে নিৰ্দেশ দিয়ে।আলোচনাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে।ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ জৰাজীৰ্ন অবস্থাৰ বাবে নানান ধৰনৰ দুৰ্ঘটনাৰ লগতে ৰাইজ বহুত অসুবিধাৰ সন্মূখীন হৈ আহিছে।ঘাইপথ সমূহ অতি সোনকালে মেৰামতি কৰি ৰাইজক জিয়াতু ভূগাৰ পৰা ৰক্ষা কৰা কথা কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাৰীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com