ৰেল হত্যাকাণ্ডৰ অভিযুক্তৰ অপৰাধ স্বীকাৰ

ৰেল হত্যাকাণ্ডৰ অভিযুক্তৰ অপৰাধ স্বীকাৰ
Published on: 

বিগত দুদিনত চলন্ত ৰেলত সংঘটিত হোৱা দুটাকৈ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতে অসম আৰক্ষীৰ সহযোগত কেন্দ্ৰীয় ৰেল আৰক্ষীয়ে বৃহস্পতিবাৰে বিকাশ দাস নামৰ অভিযুক্তটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী আৰু বুধবাৰে লালীমাই দেৱীৰ মৃতদেহ ৰেলৰ শৌচালয়ত উদ্ধাৰ হৈছিল।অভিযুক্তটোৱে ইতিমধ্যে নিজৰ দোষ আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।আৰক্ষীয়ে জনোৱা মতে দাসে আৰু হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল।ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহায়ে ৰেলষ্টেচনৰ লগতে ৰেল সমূহতো চিচিটিভি ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে

The Sentinel - of this Land, for its People
www.sentinelassam.com