ৰেলৰ বিৰুদ্ধে দূষিত পানী যোগানৰ অভিযোগ আনি হাইক'ৰ্টত আবেদন দাখিল চেণ্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেচনৰ

ৰেলৰ বিৰুদ্ধে দূষিত পানী যোগানৰ অভিযোগ আনি হাইক'ৰ্টত আবেদন দাখিল চেণ্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেচনৰ

Published on

ৰেলৱে বিভাগৰ ওপৰত ৰেল ষ্টেচন, ৰেলৰ ডবা আৰু ৰেল কলনীসমূহত মানুহৰ ব্যৱহাৰৰ অনুপযোগী দূষিত পানী যোগানৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ৫ বছৰৰ পৰা পানীৰ মানদণ্ড অলপো উন্নত কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেইকাৰণে চেণ্টাৰ ফৰ পাব্লিক ইন্টাৰেষ্ট লিটিগেচনে ৰেলৱে বিভাগৰ বিৰুদ্ধে দিল্লী হাইক'ৰ্টত আবেদন দাখিল কৰে। পানীৰ উপযোগীতা নিৰ্ধাৰণ হয় পানীত সৰ্বমুঠ ক'লিফ'ৰ্ম বেক্টেৰিয়াৰ উপস্থিতিৰ হাৰৰ দ্বাৰা। ২০১২ চনত ভাৰতীয় ৰেলে চলোৱা পৰীক্ষা অনুসৰি পানীত সৰ্বমুঠ ক'লিফ'ৰ্ম বেক্টেৰিয়াৰ উপস্থিতি আছিল ১০ শতাংশ। ২০১৭-১৮ বৰ্ষত এই পৰিমাণ বাঢ়ি যায়। ৰেলৱে বিভাগে অৱশ্যে পানী বিশুদ্ধীকৰণৰ ক্ষেত্ৰত নিজৰ অপৰাগতা স্বীকাৰ কৰিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই ক্ষেত্ৰত প্ৰতিৰোধমূলক ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com