

ৰাজ্যৰ অন্য ঠাইৰ লগতে যোৱা শুক্ৰবাৰে তিনিচুকীয়া জিলাৰ সৰ্বজানীন এইচএছ বালিকা বিদ্যালয়ত বিনামুলীয়া পাঠ্যক্ৰম বিতৰনৰ অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠান খন উদ্ধোধনী কৰে তিনিচুকীয়া জিলাৰ জিলা উপায়ুক্ত ঐনাম শৰাংকুমাৰ সিঙ দুখ প্ৰকাশ কৰি কৈছে যে চৰকাৰে ইমান খিনি সুবিধা প্ৰদান কৰাৰ পিছতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ পৰা কোনোধৰনৰ সহাঁৰি নোপোৱাৰ লগতে কোনো ধৰনৰ উৎসাহ প্ৰদান নকৰে।সিঙে পৰ্যবেক্ষণ কৰি মত প্ৰকাশ কৰিছে যে চৰকাৰৰ প্ৰতিখন আচঁনিয়ে চৰকাৰৰ লক্ষ্য সমূহ পূৰন কৰাৰ বাবে কাম কৰে যদিও বহু খিনি সমস্যাৰ বাবে সময়ত সেই লক্ষ্য সমূহ পূৰন কৰাৰ পৰা ব্যৰ্থ হয়। অনুষ্ঠান খনত পাঠ্যপুঠিৰ লগতে ১০খনকৈ বিজ্ঞানৰ কিতাপ,কলা আৰু বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যক্ৰম বিতৰন কৰা হয়।বিতৰনী অনুষ্ঠান খনত তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কৃষান,মাৰ্ঘেৰিটাৰ এছডিঅ' সুমিত সত্তাৱান,এডিচি পাৰ্থ প্ৰতিম বৈৰাগী উপস্থিত থাকে।
হাইলাকান্দি জিলাতো ১৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীক বিনামুলীয়া পাঠ্যক্ৰম বিতৰন কৰা হয়।জিলা ভিত্তিক এই পাঠ্যক্ৰম বিতৰন অনুষ্ঠান হাইলাকান্দি জিলাৰ ইন্দ্ৰ কুমাৰী ছোৱালী হাইস্কুলত আয়োজন কৰা হয়।