তৈলক্ষেত্ৰ সমূহ বেচৰকাৰীকৰনৰ গোপন প্ৰস্তাৱৰ বিৰুদ্ধে আছু,আইএনটিইউচিৰ প্ৰতিবাদ

তৈলনগৰী শিৱসাগৰ জিলাৰ অশোধিত তেলসমূহ বেচৰকাৰীকৰন কৰা বাবে গোপন প্ৰস্তাৱ গ্ৰহন কৰা হৈছে,তাৰ বাবে অএনজিচি আৰু অইলৰ বিৰুদ্ধে যোৱা শুক্ৰবাৰে নাজিৰা আৰু মৰানৰ অএনজিচি আৰু অইলৰ মুখ্য গেটৰ সন্মুখত ধৰ্না কাৰ্য্যসূচীত বহিল শিৱসাগৰৰ সদৌ অসম ছাত্ৰ সন্থা আৰু ইণ্ডিয়ান নেশ্যনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ জিলা শাখাই।

প্ৰতিবাদকাৰী সকলে কয় যে অএনজিচি আৰু অইলৰ শীৰ্ষ কৰ্তৃপক্ষই অএনজিচিৰ অন্তৰ্গত গেলেকী তৈলক্ষেত্ৰটো কানাডাৰ বেচৰকাৰী কোম্পানীৰ হাতত গতাই দিয়া বুলি অভিযোগ প্ৰদান কৰে।আনহাতে,ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডে তেওঁলোক সাপেখাতী আৰু মহমৰা তৈলক্ষেত্ৰটো ৰামায়া স্পেট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীক গোপনে গতাই দিয়াৰ প্ৰস্তুতি চলোৱা বুলিও অভিযোগ প্ৰদান কৰে।সংগঠন দুটাৰ অভিযোগ মৰ্মে অবৈধভাৱে বৃহৎ সংখ্যক লেন দেনৰ বেচৰকাৰী কোম্পানী সমূহক অএনজিচিৰ আৰু অইলে তেওঁলোকৰ অশোধিত তেল বেচিন সমূহ গতাই দিয়াৰ ফলত অঞ্চলটিৰ স্থানীয় নিবনুৱা সকলৰ লগতে ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ ওপৰত বাৰুকৈ প্ৰভাৱ পৰিছে।

সেয়ে সংগঠন দুটাই গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অএনজিচি আৰু অইলৰ অসমীয়া স্থানীয় শ্ৰমিক সকলক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে বিজেপি নেতৃত্ব সৰ্বানন্দ সোণোৱালক দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও সংগঠন দুটাই সুকীয়াকৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু অসম মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com