ডুমডুমাত বীৰ লাচিত সেনাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷

বৃহস্পতিবাৰে বীৰ লাচিত সেনাই ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰে। অঞ্চলটোৰ পদপথ,ডিব্ৰু নদীৰ পাৰৰ অবৈধ বেদখলকাৰী উচ্ছেদ আৰু নদীৰ পাৰৰ অবৈধ বেদখলকাৰীৰ দ্বাৰা নদী প্ৰদূষিত কৰা আদি বহু কেইটা বিষয়ৰ সন্দৰ্ভত অৱস্থান ধৰ্মঘট কৰে বীৰ লাচিত সেনাই। লগতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

The Sentinel - of this Land, for its People
www.sentinelassam.com