নলবাৰী আৰক্ষীৰ উদ্ধাৰ ৫০ কেজি গাঞ্জা৷উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য ২ লাখ টকা৷তদন্ত অব্যাহত

এক বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষীয়ে ৷ নলবাৰী আৰক্ষীয়ে বিশেষ সূত্ৰ অনুসৰি ডিএচপি জুপি বৰদলৈ,আৰক্ষী অধীক্ষক তপন কলিতাৰ তত্ত্বাৱধানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় ৫০ কেজি গাঞ্জা । উদ্ধাৰ কৰা গাঞ্জাখিনিৰ মূল্য হ'ব প্ৰায় ২ লাখ টকা। নলবাৰীৰ লাওধল চ'ক অঞ্চলৰ এখন দোকানৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জা ৷ এই ঘটনা সন্দৰ্ভত ডিএচপি জুপী বৰদলৈয়ে কয় যে আমি এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি নিৰ্দিষ্ট ব্যক্তি জনৰ ঘৰত তদন্ত কৰি প্ৰায় ৫০ কেজি গাঞ্জা আমি জব্দ কৰিছোঁ ৷ আনহাতে দীৰ্ঘ দিন ধৰি চলি থকা গাঞ্জাৰ এই ব্যৱসায়ত অতীষ্ঠ হৈ পৰিছিল স্থানীয় লোক ৷ কাৰণ ব্যক্তিজনৰ দোকানত বিক্ৰী কৰিছিল গাঞ্জা ৷ যাৰ কাৰণে স্থানীয় লোকসকলে আৰক্ষী থানাত এই ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷উল্লেখ্য যে এই ঘটনাৰ লগত আৰু কোন কোন লোক জৰিত হৈ আছে ৷সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ অৱশ্যে আৰক্ষীৰ তদন্তত সকলো তথ্য পোহৰলৈ অহাৰ কথা ব্যক্ত কৰিছে ডি এচ পি জুপী বৰদলৈয়ে।

Related Stories

No stories found.
Sentinel Assam
www.sentinelassam.com