BreakingNews

অসমত বানপানীৰ ধ্বংসলীলা অব্যাহত

Sentinel Digital Desk

অসমত বানপানী আৰু গৰাখহনীয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ৫ দিনত ১২ জনলৈ বৃদ্ধি পাইছে। তথ্য অনুসৰি, ৯ জন ব্যক্তিয়ে বানপানীত প্ৰাণ হেৰুৱাৰ লগতে ৩ জন ব্যক্তিয়ে গৰাখহনীয়াত প্ৰাণ হেৰুৱায়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, আজি বানপানীৰ ফলত ৫ জন লোকে প্ৰাণ হেৰুৱায়। শেষ তথ্য অহা লৈকে ইয়াৰে ৩ জন কাচাৰৰ, এজন কৰিমগঞ্জ আৰু এজন হাইলাকান্দিৰ বুলি জানিব পৰা গৈছে বৰাক উপত্যকাত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই হাইলাকান্দি জিলা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়।