BreakingNews

এনআৰচিৰ পৰা বাদ পৰা লোকৰ সেৱা কেন্দ্ৰ পৰিদৰ্শন

Sentinel Digital Desk

এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা সহস্ৰাধিক লোকে শুকুৰবাৰে সমগ্ৰ অসমৰ ২,৫০০ টা এনআৰচি সেৱা কেন্দ্ৰত পৰিদৰ্শন কৰে।লোকসকলে সেৱা কেন্দ্ৰ সমূহৰ কৰ্মচাৰী সকলক নানা ধৰনৰ প্ৰশ্ন উত্থাপন কৰে আৰু অভিযোগ আনে যে তেওঁলোকে ঘন্টাজুৰি অপেক্ষা কৰা পাছতো আবেদন আৰু দাবী জনোৱাৰ পত্ৰ লাভ কৰা নাই।৩০ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰা খনৰ পৰা ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জন লোকৰ নাম বাদ পৰিছিল।বাদ পৰা লোকসকলে ৩০ আগষ্টৰ পৰা ২৮ আগষ্টৰ ভিতৰত আৱেদনপত্ৰ জমা দিব লাগিব।প্ৰপত্ৰ সমূহ নিজৰ নিজৰ স্থানীয় এনআৰচি সেৱা কেন্দ্ৰ সমূহত জমা দিব লাগিব।আবেদন সমূহ অনলাইনতো উপলব্ধ হব।চৰকাৰে জনোৱা মতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অতি সচ্চভাৱে সম্পূৰ্ণ কৰা হৈছে।প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কেতিয়াও এনআৰচিৰ পৰা বাদ নপৰে।