BreakingNews

কেন্দ্ৰৰ এক সূচীত পোহৰলৈ আনিছে উত্তৰ-পূৱৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত থকা দুৰ্বলতাৰ কথা

Sentinel Digital Desk

যদিও উত্তৰ-পূৱৰ ৰাজ্যসমূহ প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত অসুৰক্ষিত, তথাপিও প্ৰাকৃতিক দুৰ্যোগ সৈতে মোকাবিলা কৰাৰ বাবে থাকিবলগীয়া ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰি আছে। এই কথা পোহৰলৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ প্ৰথম দিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনডেক্সত। ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই ইনডেক্সে আশংকাৰ পৰ্যালোচনা, আশংকা দুৰ কৰা, আশংকাৰ প্ৰশাসন, দুৰ্যোগৰ বাবে সাজু হোৱা, দুৰ্যোগলৈ সঁহাৰি, দুৰ্যোগৰ সাহাৰ্য্য আৰু পুনৰ সংস্থাপন আৰু দুৰ্যোগৰ পিছত পুনৰনিৰ্মাণ এই বিষয়সমূহ সামৰি লয়। ৫ খন এন ই ৰাজ্য এই ইনডেক্সৰ আটাইতকৈ তলত অৱস্থান কৰিছে। ভূমিকম্প, বানপানী আৰু ভূমিস্খলন প্ৰৱনতা অতি বেছি থকা অসম এই ইনডেক্সৰ চাৰি নম্বৰত আছে।