BreakingNews

চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - 11 Aug, 2018

Sentinel Digital Desk

শিৱসাগৰৰ আমগুৰি আৰক্ষীয়ে চোৰাং কাঠভৰ্তি এখন ট্ৰাক হালোৱাটিং-নাগালেণ্ড পথত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ কৰে।অসমৰ বনাঞ্চলৰ পৰা নাগালেণ্ডৰ বিভিন্ন কাঠৰ দোকানত চোৰাং কাঠ সমূহ সৰবৰাহ হয় বুলি জানিব পৰা গৈছে।ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰিছে।ট্ৰাক খনৰ পৰা কেইবালাখ টকাৰ কাঠ আছিল বুলি জানিব পৰা গৈছে।অসমৰ পৰা বহিঃৰাজ্যলৈ প্ৰত্যেক দিনাই এনেদৰে চোৰাং কাঠ সৰবৰাহ হৈ আহিছে, এক বৃহৎ চক্ৰ এই চোৰাং চলাই আছে বুলু জানিব পৰা গৈছে।ইমান বৃহৎ মুল্যৰ চোৰাং কাঠ জব্দ কৰাটো আৰক্ষীৰ বাবে বৃহৎ সফলতা হিচাপে প্ৰমানিত হৈছে।