গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত বিশেষ অনুসন্ধানকাৰী দলক কাৰ্বিআংলং জিলাৰ ডকমকাত নিলোৎপল দাস আৰু অভিজিৎ নাথৰ গণহত্যাৰ ঘটনাৰ অনতিপলমে অনুসন্ধান কৰি দোষীৰ বিৰুদ্ধে চাৰ্জচিট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে জনোৱা মতে, সোনকালে এই ঘটনা সন্দৰ্ভত চাৰ্জ চিট দাখিল কৰিলে গোচৰটো ফাৰ্ষ্ট ট্ৰেক ক'ৰ্টত মিমাংসা কৰিবলৈ সহজ হ'ব। মূখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মীৰ আলফাজ আলীৰ দ্বাৰা গঠিত উচ্চ ন্যয়ালয়ৰ ন্যায়াধীশৰ এক শাখাই মঙলবাৰে ঘটনা সন্দৰ্ভত দাখিল হোৱা এক পি আই এলৰ নিৰ্দেশ দিয়ে। যোৱা সপ্তাহত এই ঘটনা সন্দৰ্ভত ন্যায়ালয়ে এক চ্যু মতো কগনিজেন্সো গ্ৰহন কৰে।সোমবাৰে ন্যায়ালয়ে পিআইএল আৰু চ্যু মতো দুটাক একেলগ কৰি শুনানি গ্ৰহণ কৰে।