BreakingNews

মেক্সিকোক পৰাস্ত কৰি কোৱাৰ্টাৰত ব্ৰাজিল

Sentinel Digital Desk

চামাৰা এৰেনা ষ্ট্ৰেডিয়ামত সোমবাৰে অনুস্থিত পঞ্চমখন প্ৰি-কোৱাৰ্টাৰত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে মেক্সিকোক ২-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।ৰোনাল্ডো আৰু মেছিৰ প্ৰস্থানৰ পাছত নেইমাৰৰ যাদু চাবলৈ ৰৈ থকা তেওঁৰ কোটি কোটি সমৰ্থকক নিৰাশ নকৰি ৫১মিনিটত দৰ্শনীয় গ'লেৰে ব্ৰাজিলক ১-০ অগ্ৰগতি প্ৰদান কৰে বিশ্ব ফুটবলৰ ছুপাৰষ্টাৰজনে।৮৮মিনিটত ৰবাৰ্ট ফিৰমিন'য়ে আৰু এটা গ'ল প্ৰদান কৰি ব্ৰাজিলৰ বিজয় নিশ্চিত কৰে।মেক্সিকোয়ে বহুত চেষ্টা কৰিও গ'ল দিবলে সক্ষম নহল।