BreakingNews

শংকৰ - মাধবক স্মৰণেৰে বটদ্ৰবাত যোগ দিৱস উদযাপন

Sentinel Digital Desk

ভাৰতত প্ৰাচীন কালৰে পৰা চলি অহা যোগ বিদ্যাক সূদূৰ প্ৰসাৰী কৰি ২০১৬ বৰ্ষৰ পৰা ২১ জুনৰ দিনটো সমগ্ৰ বিশ্ব জুৰি আন্ত:ৰাষ্টীয় কাৰ্যসূচীৰে "যোগ দিৱস" হিচাপে উদযাপন কৰি অহা হৈছে । আন্ত:ৰাষ্টীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ২০১০ চনতে বটদ্ৰবাত স্থাপন হোৱা বটদ্ৰবা আঞ্চলিক পতঞ্জলি যোগ -ব্যায়াম সমিতিৰ উদ্যোগত আজি বটদ্ৰবাৰ ঐতিহাসিক দৌল মন্দিৰ প্ৰাঙ্গনত পুৱাৰ ভাগতে জগত গুৰু শংকৰ দেৱ আৰু মাধৱ দেৱে দেখুৱাই যোৱা যোগ সাধনাৰ ঐতিহ্যক শিৰোগত কৰি যোগ ব্যায়ামৰ অনুশীলন আৰম্ভ কৰা হয়। বটদ্ৰবা আঞ্চলিক পতঞ্জলি যোগ সমিতিৰ সভাপতি ইন্দ্ৰ মোহন বৰুৱাই আঁতধৰা অনুষ্ঠানটিৰ প্ৰাৰম্ভতে বন্তি প্ৰজ্বলন কৰে সমাজ কৰ্মী জোনাৰাম বৰুৱাই । দুই শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহন কৰা যোগ -ব্যায়াম আৰু প্ৰাণায়মৰ অনুশীলনত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৰঞ্জিত মহন্ত আৰু গিৰিশ বৰুৱাই ।