BreakingNews

সেনাৰ অভিযানত আলফা সদস্য গ্ৰেপ্তাৰ

Sentinel Digital Desk

ভাৰতীয় সেনা আৰু মৰান আৰক্ষীৰ যুতীয়া অভিযানত শিৱসাগৰ জিলাৰ চেপনৰ পৰা দেৱেন হাজৰিকা নামৰ এজন আলফা সদস্য গ্ৰেপ্তাৰ হয়।গোপন তথ্যৰ পম খেদি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কৰ্মী হাজৰিকাক চেপন-দিমৌ পথত বাজাজ ডিস্ক'ভাৰ বাইকত আহি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।তেওঁৰ পৰা এটা ৯ এমএম পিস্তল আৰু মেগাজিনৰ লগতে ৫ ৰাউণ্ড সজিৱ গুলি উদ্ধাৰ কৰে।৫৪ বছৰিয়া দেবেন হাজৰিকা স্বৰ্গীয় জি হাজৰিকাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।