BreakingNews

ৰাইজক আভূৱা ভৰা এখন ভূমি চুক্তি

Sentinel Digital Desk

গুৱাহাটীৰ মাজমজিয়াত এজন ব্যৱসায়ীয়ে মন্ত্ৰী আমোলাৰ এটা চক্ৰ আৰু কিছুসংখ্যক স্থানীয় লোকৰ সহায়ত সাত বিঘা চৰকাৰী মাটী দখল কৰি চৰকাৰৰ ৰাজহুৱা স্বাৰ্থত মাটি দিয়াৰ সদিচ্ছাত আঘাত কৰে। মন্ত্ৰী আমোলাৰ সাজত এনে শত্ৰু থাকিলে ভূমিপুত্ৰসকলক আৰু বেলেগ ভয়াবহ শত্ৰুৰ দৰকাৰ নাই। মন্ত্ৰী আমোলাসকলৰ এনে দুৰ্ভাগ্যজনক সিদ্ধান্তৰ ফলত ব্যৱসায়ীজনে সাত বিঘা চৰকাৰী মাটি লাভ কৰিবলৈ সক্ষম হৈছে, যি মাটি সেই সময়ৰ কামৰূপ মেট্ৰৰ উপায়ুক্তই পঠোৱা ভূমি সূচী অনুসৰি, গুৱাহাটীৰ মাষ্টাৰ প্লেন আৰু জ'নিং ৰেগুলেচনৰ অধীনৰ ৰেলৱে আৰু বিমান বন্দৰৰ নামত সংৰক্ষিত মাটি। এই চক্ৰটোৱে উত্তৰ পূৱ কৃষি বীজ ফাৰ্ম আৰু গৱেষণা কেন্দ্ৰ নামত থকা মাটি খিনি লাভ কৰে যেতিয়া কেন্দ্ৰটোৱে ব্যৱসায়ী জনক মাটিখিনি বিক্ৰী কৰে। কামৰূপৰ উপায়ুক্তই দিয়া ৰিপৰ্টত এই কেলেংকাৰীত জড়িত বিষয়াসকলৰ নাম উল্লেখ আছে। দিশপুৰে এই বিষয়ত নতুনকৈ অনুসন্ধান চলাব নে নাই সেইটো লক্ষনীয় হ'ব।